সেন্দূৰ সেন্দূৰ
প্রভাতী সূৰুজ
মোৰ গালে মুখে
পৰিছে
পাহৰণিৰ কুঁৱলী
ফালি
সোঁৱৰণী যেন
আহিছে
সেন্দূৰ সেন্দূৰ
প্রভাতী সূৰুজ
মোৰ গালে মুখে
পৰিছে ৷
মনত পৰিছে যেন
অস্ত বেলিৰ
বিদায় সনা চাৱনি
লগে লগে যেন
দেখিছোঁ পুনৰ
লৱণু কোমল
মুখখনি ।
মন-পথাৰৰ সেউজ
শইচত
মলয়াৰ মৃদু
নাচোন,
মনত পৰিছে যেন
দেকা-গাভৰুৰ
চেনেহী
সাজোন-কাচোন ।
গাঁও ধুনীয়া
সেউজবুলীয়া
ৰূপৰ মহিমা নাই
পিচে মন লাগে
আৰু শ্রম লাগে
সজাবলৈ এই ঠাই
সেন্দূৰ সেন্দূৰ
প্রভাতী সূৰুজ
মোৰ গালে মুখে
পৰিছে ৷
গাঁৱলৈ কত মানুহ
আহে
আহি মৰহি যায়
সেইহে গাঁৱৰ
জঁকাটো থাকে
মৃত্যুৰ মুখলৈ
চাই
সেন্দূৰ সেন্দূৰ
প্রভাতী সূৰুজ
মোৰ গালে মুখে
পৰিছে
মোৰ গালে মুখে
পৰিছে ৷৷
(কথাছবি: অপৰূপা, ১৯৮২ চন)
(ভূপেন হাজৰিকাদেৱে পৰিচালনা
কৰা গীত, সত্য বৰুৱাৰ কন্ঠেৰে নিগৰিত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment