অনুসন্ধান আকাংক্ষাত

Sunday, April 8, 2012

এ’ নৰ মনিচ যাবই লাগিব তই


নৰ মনিচ
যাবই লাগিব তই
চকুলো মচি লৈ
সবাৰে ভৰসা এৰি এ নৰ মনিচ ৷
-
সোণৰ জটাখাৰুত মামৰে ধৰিলে
মামৰৰ বেচতো কেৱেচোন নললে
ফুৰিলে কি হব ঘৰিহে নৰ মনিচ ?
-
দোকানী চিনিবি
পোহাৰী চিনিবি
চিনিবি চেনেহ লগৰী
যিজন কিনোতাই
মানুহক চিনিব
সংসাৰৰ হাট যায় হাৰি এ নৰ মনিচ ৷
-
হাবিয়াসনো কৰি তই ঐ মজিয়ানো মচিলি
চিকণকৈনো বাটিতে ঐ
অমৃতনো সজালি
আনন্দৰে পীৰাখন পাৰি ৷
-
বৰে ঘৰে মজিয়াতে
নিগনিনো বগালে ঐ
অমৃতৰ বাটিতে ঐ
বিহেনো উপচিলে ঐ
পীৰাখন যে নিলে হৰি ৷
-
মিছা-সাগৰতে তই বুৰে মাৰিলি ঐ
সাঁতুৰি-নাদুৰি ভাগৰো লগালি
মুকুতাৰ আশাকে কৰি এ নৰ মনিচ
-
সাগৰত মুকুতাৰ চিনো নাই ছাবো নাই
ভাগৰত পিবলৈ পানী নাই দুনি নাই
আছে মায়াজালৰ জৰী এ নৰ মনিচ 
যাবই লাগিব তই
চকুলো মচি লৈ
সবাৰে ভৰসা এৰি এ নৰ মনিচ নৰ মনিচ... ৷৷
-
( কথাছবি: ধুমুহা , ১৯৫৭ চন )
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: