অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অ’ মোৰ গুৰু ঐ

[Bhupen Hazarika's Assamese Songs and Lyrics:- O Mur Guru Oi]


কুসুম্ভৰ পুত্র শ্রীশঙ্কৰ গুৰুৱে
ধৰিছিল নামৰে তান
নামৰে সুৰতে আনন্দত নাচিছিল
পৱিত্র বৰদোৱা থান ৷
আমাৰ গুৰু ঐ, পৱিত্র বৰদোৱা থান ৷৷

             অশেষ যাতনা ভুঞ্জিলো শ্রীশঙ্কৰ
             ধৰমৰ নামতে তুমি
             সকলো দুখলৈ পিঠি দিলো গুৰু
             ধন্য অসম ভূমি
             মোৰ গুৰুঐ, ধন্য অসম ভূমি ৷৷

নামঘৰ সাজিলাঁ, ৰাইজ থাপিলাঁ
একতাৰ আসনত আনি
ভাওনা সোণতে বৰগীত সুৱগা
প্রচাৰিলাঁ দেৱবাণী
মোৰ গুৰু ঐ , প্রচাৰিলা দেৱবাণী ৷৷

          এটুপি দুটুপি চকলো সৰে মোৰ
          দুখনি চৰণক পাই
          অসমৰ আকাশত দুখৰ ৰোল উঠিছে
          আজি শ্রীশঙ্কৰ নাই
          মোৰ গুৰু ঐ, আজি শ্রীশঙ্কৰ নাই ৷৷


(তেজপুৰ: ১৯৩৭ চন )
(ভূপেন হাজৰিকাদেৱৰ গীত)
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া

No comments: