অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অসম আমাৰ ৰূপহী

[ Bhupen Hazarika's Assamese Songs and Lyrics:- Akhom Amar Rupohi ]

অসম আমাৰ ৰূপহী
গুণৰো নাই শেষ !
ভাৰতৰে পূৰ্ব দিশৰ
সূৰ্য্য উঠা দেশ ,
অসমী আই ৰূপহী
গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ
সূৰ্য্য উঠা দেশ ৷৷

গোটেই জীৱন বিচাৰিলেও
অলেখ দিৱস ৰাতি
গোটেই জীৱন বিচাৰিলেও
অলেখ দিৱস ৰাতি
অসম দেশৰ দৰে নেপাওঁ
ইমান ৰসাল মাটি !
' চিৰ বিনন্দীয়া
তোমাৰ সেউজ পৰিবেশ
ভাৰতৰে পূৰ্ব দিশৰ
সূৰ্য্য উঠা দেশ ৷

বহাগতে আমাৰে আই
মহুৰা হৈ ঘূৰে !
বহাগতে আমাৰে আই
মহুৰা হৈ ঘূৰে !
মাঘত সোণৰ হাতেৰে
লখিমী আদৰে ৷
শৰৎ নিশাই তৰাৰে
সজায় আইৰে কেশ
(') ভাৰতৰে পূৰ্ব দিশৰ
সূৰ্য্য উঠা দেশ ৷

পাহাৰ ভৈয়াম একে কৰা
ৰামধনুৰেই দৰে
তোমাৰ ভাষাৰ মৰমবোৰে
মিলন সেতু গঢ়ে
লৌহিত্যৰে বহল পাৰক
প্ৰণিপাত কৰোঁ
লৌহিত্যৰে বহল পাৰক
প্ৰণিপাত কৰোঁ
জন্ম ল'লো ইয়াতেই
ইয়াতেই যেন মৰোঁ
(') জন্ম ললোঁ ইয়াতেই ,
ইয়াতেই যেন মৰোঁ
পাম ক'ত এনে মধুৰ
ৰূপৰ সমাৱেশ
ভাৰতৰে পূৰ্বদিশৰ
সূৰ্য্য উঠা দেশ
অসম আমাৰ ৰূপহী
গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ
সূৰ্য্য উঠা দেশ;
অসম আমাৰ ৰূপহী
গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ
সূৰ্য্য উঠা দেশ


ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া

No comments: